শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰ ৩ সদস্যৰ

63

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মুম্বাই-আহমেদাবাদ ঘাইপথত এখন ট্ৰাকত খুন্দা মৰাৰ ফলত ৮০ বছৰীয়া এজন ব্যক্তিকে ধৰি এটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হয়।

বুধবাৰে গুজৰাটৰ পৰা মুম্বাইলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এজন আৰক্ষী বিষয়াই কয়, ‘গুজৰাটৰ এখন বিয়াত অংশগ্ৰহণ কৰি পৰিয়ালটো থানে জিলাৰ কল্যাণলৈ উভতি আহিছিল। ধনীৱাৰী গাঁৱত তেওঁলোকৰ গাড়ীখনে এখন ট্ৰাকৰ সৈতে খুন্দা মাৰে।’’

মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু স্থানীয় আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।