শোকাবহ! দুশ ফুট দ খাৱৈত বাগৰি পৰিল আপেলভৰ্তি ট্ৰাক, দুজনৰ মৃত্যু

57

নিউজ ডেস্কঃ আপেলভৰ্তি এখন ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই দুশ ফুট দ খাৱৈত বাগৰি পৰাৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হ’ল দুজন লোকে।

শনিবাৰে পুৱা প্ৰায় ৯ বজাত এই শোকাবহ ঘটনা সংঘটিত হয় জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নগ্ৰোটাত।

জানিব পৰা মতে, কাশ্মীৰৰ পৰা আপেল কঢ়িয়াই ট্ৰাকখনে পঞ্জাৱ অভিমুখে আহি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাৰ ফলত ট্ৰাকখনৰ চালক ৰিয়াছি জিলাৰ কৰ্ণৈলাৰ ৱাহিদ হুছেইন আৰু হেণ্ডিমেন সুকেটাৰ ঝজ্জাৰ কোটলিৰ মহম্মদ ইউনুছৰ থিতাতে মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ বিধ্বস্ত ট্ৰাকখনৰ পৰা নিহত দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।