শোকাবহ! জিমত শৰীৰ চৰ্চা কৰি থকাৰ সময়তে বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু যুৱকৰ…

94

মঙলবাৰে উত্তৰ দিল্লীৰ ৰোহিনী অঞ্চলৰ জিমত ট্ৰেডমিলত বিদ্যুৎস্পৃষ্ট হৈ এজন ২৪ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু হয়।

নিহত যুৱকজনক ৰোহিনী ছেক্টৰ ১৯ৰ বাসিন্দা সক্ষম প্ৰকৃতি বুলি জানিব পৰা গৈছে। তেওঁ বিটেক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল আৰু গুৰুগ্ৰামস্থিত এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল বুলি বাতৰি প্ৰকাশ পাইছে।

মঙলবাৰে পুৱা ৭:৩০ বজাত ১৫নং ছেক্টৰৰ জিম্পলেক্স ফিটনেছ জ’নত ট্ৰেডমিলত ব্যায়াম কৰি থকা অৱস্থাত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু ঘটে যুৱকজনৰ।

জিমৰ যন্ত্ৰপাতিৰ ক্ষেত্ৰত গাফিলতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। জিমৰ মেনেজাৰ অনুভৱ দুগলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে।