গুৱাহাটীঃ ৰাজ্যজুৰি বাল্য বিবাহ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে বঙাইগাঁৱত সংঘটিত কৰুণ ঘটনা।
হাস্পতাললৈ নিয়াৰ সময়তে মৃত্যুক সাৱটিলে এগৰাকী সন্তানসম্ভৱা কিশোৰীয়ে।
জানিব পৰা মতে, পৰিয়ালে ঘৰতে সন্তানটো প্ৰসৱ কৰিবলৈ চেষ্টা কৰাৰ সময়তে কিশোৰীগৰাকীৰ গুৰুতৰ জটিলতা আহি পৰে।
স্বাস্থ্যৰ অৱস্থা অধিক বেয়া হোৱাৰ লগে লগে তেওঁক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক বঙাইগাঁওলৈ ৰেফাৰ কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ বঙাইগাঁওলৈ যোৱাৰ পথতে ১৬ বছৰীয়া গৰ্ভৱতী কিশোৰীগাকীৰ মৃত্যু হয়।
অৱশ্যে জিলা আৰক্ষীয়ে মৃত কিশোৰীগৰাকীৰ স্বামী ছাহিনুৰ আলী আৰু পিতৃ আয়নাল হকক গ্ৰেপ্তাৰ কৰে।
অধিক তদন্ত অব্যাহত আছে।