শোকাকূল পৰিবেশত শেষকৃত্য সম্পন্ন জম্মু কাশ্মীৰত মৃত্যুক সাৱটি লোৱা CRPF জোৱান দীপক কুমাৰ দাসৰ

90

এক শোকাকূল পৰিৱেশত নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়া নাহৰহতীয়া গাঁৱৰ সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হল চিআৰপিএফ জোৱান দীপক কুমাৰ দাসৰ।

যোৱা শুকুৰবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত উচ্চ ৰক্তচাপজনিত কাৰণত আকস্মিকভাৱে মৃত্যু ঘটা চিআৰপিএফ জোৱানগৰাকীৰ নশ্বৰ দেহ শুকুৰবাৰে সন্ধিয়াই স্বগৃহলৈ অনা হয়।

অতি সৰল মনৰ, সৰবৰহী যুৱক হিচাপে অঞ্চলটোত পৰিচিত ৩৫ বছৰীয়া দীপক কুমাৰ দাসৰ অকাল বিয়োগৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলায়।

ইফালে তেওঁৰ নশ্বৰ দেহ শুকুৰবাৰে সন্ধিয়া স্বগৃহত উপস্থিত হোৱাৰ পিছতে অগণন লোকে চিআৰপিএফ জোৱানগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

তাৰ পিছতে শনিবাৰে পুৱা সামৰিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন হয় দীপক কুমাৰ দাসৰ।

উল্লেখ্য যে, দীপক কুমাৰ দাসে ২০০৪ চনত চিআৰপিএফত ভৰ্তি হৈ শ্ৰীনগৰত কৰ্তব্যৰত হৈ আছিল। মৃত্যুৰ সময়ত জোৱানগৰাকীয়ে এটি দুবছৰীয়া সন্তান আৰু পত্নীক এৰি থৈ যায়।