শুৱালকুছি-পলাশবাৰী দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোডীয়েঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

309

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৪ হাজাৰ কোটি টকাৰ প্ৰস্তাৱিত শুৱালকুছি-পলাশবাৰী দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই কথা জানিবলৈ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে আনটাইড ফাণ্ড ব্যৱহাৰ কৰি ৪৯.৫৬ লাখ টকা ব্যয়েৰে পুনৰ নিৰ্মাণ কৰা ৪০০ আসন ক্ষমতাসম্পন্ন শুৱালকুছি শংকৰ নাট ঘৰও উদ্বোধন কৰে।

ইয়াৰ পূৰ্বে ২০২২ চনৰ মে’ মাহত গুৱাহাটী আৰু শুৱালকুছিৰ পৰা ২৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত পলাশবাৰী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত চাৰিলেনযুক্ত এক্সট্ৰা ড’জ পি এছ চি দলঙৰ বাবে অসম কেবিনেটে ৩১৯৭ কোটি টকাৰ অনুমোদন দিছিল।

দলংখনৰ দৈৰ্ঘ্য ৪.০৮ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছিল।

উল্লেখযোগ্য যে দলংখন নিৰ্মাণৰ লগে লগে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু নামনি অসম জিলাৰ মাজত ২৫ কিলোমিটাৰ দূৰত্ব আৰু বিমানবন্দৰৰ পৰা শুৱালকুছি আৰু আমিনগাঁওলৈ নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰা হৈছে।