ষ্টাফৰিপোৰ্টাৰ, ২৭ এপ্ৰিল :: শুকুৰবাৰে এমাহত ভৰি দিলে লকডাউনে। কৰ’না ভাইৰাছৰ সজাগতাৰ বাবেই বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতবৰ্ষৰো জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। দেশৰ এই এমাহৰ লকডাউনৰ ফলত কেৱল উত্তৰ-পূব সীমান্ত ৰে’লৱেতে প্ৰায় ৬০ কোটি টকাৰ লোকচান হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱে চমুকৈ এন এফ ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সুভানন চান্দাই জনোৱা মতে, যাত্ৰীবাহী ৰে’লৰ পৰা তেওঁলোকে প্ৰতিদিনে ডেৰ কোটিৰ পৰা দুই কোটি সংগ্ৰহ কৰে। সেই হিচাপতে যাত্ৰীবাহী ৰে’লৰ চলাচল বন্ধ থকাত কেৱল উত্তৰ–পূৱ সীমান্ত ৰে’লৱেই শুকুৰবাৰলৈ এই এমাহৰ লকডাউনত প্ৰায় ৬০ কোটি টকাৰ লোকচানৰ মুখ দেখিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে শেহতীয়াকৈ মালিগাঁৱত আৰম্ভ হৈছে মুখ্য কাৰ্যালয়ৰ কাম-কাজ। লকডাউনৰ সময়ত যাত্ৰীবাহী ৰে’লৰ চলাচল বন্ধ আছে যদিও মালবাহী আৰু পাৰ্চেল ৰে’ল নিয়মীয়াকৈ চলি আছে। লোকচান সম্পৰ্কত ৰে’ল বিভাগে কোনো হিচাপ–নিকাচ এইমুহূৰ্তলৈ কৰা নাই, তেওঁলোকে মাত্ৰ দেশৰ পৰা সম্পূৰ্ণৰূপে কোৰোণা নিৰ্মূল হোৱাটো বিচাৰিছে।
