শীতলকুছি কাণ্ডৰ পুনৰাবৃত্তি হব বুলি কৈ বিপদত বিজেপি নেতা দিলীপ ঘোষ…

63

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ মাজতে কোচবিহাৰৰ শীতলকুছিত সংঘটিত হিংসাত্মক কাণ্ডই এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে শীতলকুছিত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে চিআইএছএফৰ গুলীত ৪ ভোটাৰৰ মৃত্যুক লৈ এতিয়া আৰম্ভ হোৱা দেখা গৈছে তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ ৰাজনীতি। কেন্দ্ৰীয় বাহিনীৰ সহযোগত বিজেপিয়ে পশ্চিম বংগৰ নিৰ্বাচনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা বুলি মমতা বেনাৰ্জীৰ অভিযোগৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ গুণ্ডা বাহিনীৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি ৰাজনৈতিক অস্ত্ৰ এৰিছে বিজেপিয়ে।

ইয়াৰ মাজতে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে চিআইএছএফৰ গুলীত প্ৰাণ হেৰুওৱা ভোটাৰক অপমান কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ। ইতিমধ্যে নিৰ্বাচন আয়োগক দিলীপ ঘোষৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি বিজেপি নেতাজনৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছে মমতা বাহিনীয়ে।

উল্লেখ্য যে, দেওবাৰে এখন নিৰ্বাচনী প্ৰচাৰ সভাত শীতলকুছি কাণ্ডৰ পুনৰাবৃত্তি হব বুলি ভাবুকি দিছিল দিলীপ ঘোষে। শীতলকুছিত গুলীবিদ্ধ হৈ প্ৰাণ হেৰুওৱা সকলক বেড বয়ছ আখ্যা দি প্ৰয়োজনত এনে ঘটনাৰ পুনৰাবৃত্তি হব বুলি মন্তব্য কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতিজনে। তাৰ পিছতে দিলীপ ঘোষৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছ।