শীঘ্ৰে পূৰণ হব চৰকাৰী বিভাগৰ সকলো খালি পদ…

96

ডিজিটেল ডেস্ক: শীঘ্ৰে ৰাজ্যৰ বিভিন্ন চৰকাৰি বিভাগত খালি হৈ থকা পদ সমূহ পূৰণ কৰা হব। এই নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। শুকুৰবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সোনোৱাল। এই বৈঠকতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন বিভাগত খালি হৈ থকা পদ সমূহ পূৰণৰ অৰ্থে এক শক্তিশালী আৰু কাৰ্যক্ষম অভিযান হাতত লবলৈ মুখ্য সচিব তথা সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰী সোনোৱালে কয়, ‘বিভিন্ন বিভাগত খালী হৈ থকা পদত নিযুক্তিৰ এই সিদ্ধান্তই ৰাজ্যৰ চাকৰি প্ৰাৰ্থীসকলক স্বচ্ছ আৰু নিকা পদ্ধতিৰে উপযুক্ত সংস্থাপনৰ সুযোগ প্ৰদান কৰিব।’ ইফালে সভাত ৰাজ্যৰ প্ৰতিখন জিলাৰ আৱৰ্ত ভৱনসমূহো আন্তঃগাঁথনি আৰু প্ৰয়োজনীয় কৰ্মশক্তিৰে নতুনকৈ সজাই তোলা হ’ব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।