শীঘ্ৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব বলিউডৰ অভিনেতা অক্ষয় কুমাৰ

91

শীঘ্ৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব বলিউডৰ অভিনেতা অক্ষয় কুমাৰ।

২০১৯ৰ বানৰ সময়ত কাজিৰঙাত হাইলেণ্ড নিৰ্মাণৰ বাবে ১ কোটি আগবঢ়াইছিল অভিনেতাজনে।

সেই কামৰ বুজ ল’বলৈ কাজিৰঙালৈ আহিব অভিনেতা অক্ষয় কুমাৰ।

এনিশা কাজিৰঙাত পাৰ কৰিব তেওঁ।

অক্ষয় কুমাৰে আগবঢ়োৱা ধনেৰে কাজিৰঙাত নিৰ্মাণ কৰা হৈছে কেইবাটাও প্ৰকল্প।

সেই প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে অভিনেতাজনক আমন্ত্ৰণ জনাইছিল কাজিৰঙা কৰ্তৃপক্ষই।

কাজিৰঙা কৰ্তৃপক্ষৰ আমন্ত্ৰণ ৰক্ষা কৰি ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহিবলৈ সন্মতি জনাইছে অভিনেতাগৰাকীয়ে।