শীঘ্ৰে অসমলৈ অনা হব ২০ খন অত্যাধুনিক জাহাজ

60

শীঘ্ৰে অসমলৈ আহিব ২০ খন অত্যাধুনিক জাহাজ। মঙ্গলবাৰে এই ঘোষণা কৰে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

মন্ত্ৰী পাটোৱাৰীয়ে জনোৱা অনুসৰি, ইতিমধ্যে তিনিখন জাহাজ মাজুলীলৈ প্ৰেৰণ কৰা হৈছে।মন্ত্ৰীগৰাকীয়ে লগতে আন এক ডাঙৰ ঘোষণা কৰি কয় যে অসমত নৌসেনাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব। পেছাদাৰীভাৱে প্ৰশিক্ষিত নাবিকক অসমলৈ অনা হ’ব আৰু তেওঁলোকে অসমৰ নাবিকক প্ৰশিক্ষণ প্ৰদান কৰিব বুলি পাটোৱাৰীয়ে কয়।

স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে মঙলবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত বাণিজ্য মেলাৰ আয়োজন কৰা হৈছিল। এই বাণিজ্য মেলাত উত্তৰ-পূবৰ বিভিন্ন উদ্যোগীয়ে অংশগ্ৰহণ কৰিছে। কেৱল খাদ্য আৰু অসমৰ বিখ্যাত পানীয়তে সীমাবদ্ধ নাথাকি এই বাণিজ্য মেলাৰ লক্ষ্য আছিল থলুৱা পোছাক বিশ্ব বজাৰলৈ লৈ যোৱা। এই অনুষ্ঠানত উপষ্টিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু লোকসভাৰ সাংসদ কুইন ওজা।

উল্লেখযোগ্য নিমাতিঘাটত কিছু দিনৰ পূৰ্বে হোৱা ফেৰী দুৰ্ঘটনাৰ পিছতে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ইফালে,জাহাজ সমূহ চলোৱাৰ বাবে দক্ষ লোকক নিয়োগ কৰিব চৰকাৰে।