শিৱসাগৰ জিলাৰ নামতিৰ নামদাং নদীত মৃতদেহ উদ্ধাৰ

180

শিৱসাগৰ জিলাৰ নামতিৰ নামদাং নদীত মৃতদেহ উদ্ধাৰ ।
মৃতদেহটো নামতি আৰক্ষী থানাৰ অন্তৰ্গত হুদুপাৰা অভয়পুৰীয়াৰ ব্ৰজেন গগৈৰ(৩৪) বুলি চিনাক্ত কৰা হৈছে ।
সোমবাৰে পুৱা ন বজাৰ পৰা সন্ধানহীন হৈ আছিল ব্যক্তিজন।
স্থানীয় লোকৰ ভাষ্যমতে নিজৰ চাহ বাগিছালৈ যোৱাৰ সময়তে নামদাং নদীৰ ওপৰত থকা বাঁহৰ সাঁকো পাৰ কৰিবলৈ চেষ্টা কৰোতেই ঘটনাটো সংঘটিত হয় ।
পুৱা এগৰাকী স্থানীয় মহিলাই ব্ৰজেন গগৈৰ মৃতদেহ ঘটানস্থলীৰ পৰা কিছু নিলগত নামদাং নদীত ওপঙি থকা প্ৰত্যক্ষ কৰে ।
মৃতদেহ উদ্ধাৰৰ বাবে নামতি আৰক্ষীৰ লগতে এচ ডি আৰ এফ বাহিনী ঘটনাস্থলীলৈ ৰাওনা হৈছে ।
মৃত ব্ৰজেন গগৈয়ে পিতৃৰ লগতে পত্নী আৰু এগৰাকী সাত বছৰীয়া কন্যা সন্তানক ইহসংসাৰত এৰি থৈ গৈছে ।
সৰবৰহী যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে ।