শিৱসাগৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ৪ জনক…

514

শেহতীয়াকৈ শিৱসাগৰত সেনা শিৱিৰৰ প্ৰৱেশ দ্বাৰত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪ জন লোকক।

খবৰ অনুসৰি, জয়সাগৰৰ এই গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা কেইজনক ৰাহুল মোহন, দিব্যজ্যোতি চেতিয়া, মিণ্টু চেতিয়া আৰু ৰিণ্টু নাথ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, নিষিদ্ধ সংগঠন আলফা স্বাধীনৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল এই অভিযুক্ত কেইজনে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।