শিৱসাগৰৰ পৰ্য্যটন ক্ষেত্ৰত সংযোজিত হ’ল এটা হেৰিটেজ মিউজিয়াম। ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত স্বৰ্গদেউ ৰূদ্ৰসিংহ পাৰ্কত প্ৰতিষ্ঠা কৰা হৈছে হেৰিটেজ মিউজিয়াম কম্পলেক্স।
প্ৰায় দুটা দশক ধৰি জৰাজীৰ্ণ হৈ থকা স্বৰ্গদেউ ৰূদ্ৰসিংহ পাৰ্ক ন ৰূপত মুকলি কৰা হৈছিল কেইদিনমানৰ পূর্বে।
অসম পৰ্য্যটন বিভাগৰ অন্তৰ্গত জুইশাল গোষ্ঠীৰ তত্ত্বাৱধানত ন ৰূপত ৰূদ্ৰসিংহ পাৰ্কত মুকলি কৰা হয় এই মিউজিয়াম।
মিউজিয়ামটো শুভ উদ্বোধন কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
মিউজিয়ামটোত বিভিন্ন ধৰনৰ পৌৰাণিক সামগ্ৰী প্ৰদৰ্শিত কৰা হৈছে।
পৰ্য্যটক সকলৰ বাবে সাঁচি পাতৰ পুথি, আহোম যুগৰ অস্ত্ৰ শস্ত্ৰ, বিভিন্ন সময়ৰ মুদ্ৰা,অসমৰ প্ৰাচীনতম লোক কলা মুখাশিল্পৰ লগতে আহোম যুগৰ বিভিন্ন সা-সামগ্ৰী মিউজিয়ামত প্ৰদৰ্শন কৰা হৈছে।
