শিৱসাগৰৰ পঞ্চায়তে পঞ্চায়তে দুৰ্নীতি বেহা
শিৱসাগৰ উন্নয়ন খণ্ডৰ দিচাং ধাইআলি পঞ্চায়তত এম জি এনৰেগাৰ নামত কেলেংকাৰীৰ পাছত এইবাৰ আন এক কেলেংকাৰী উন্মোচিত হৈছে।
কাগজে-কলমে নিৰ্মিত পথ কিন্তু বাস্তৱত নিৰুদ্দেশ।
উল্লেখযোগ্য যে ৩ লাখ ৯২ হাজাৰ টকাৰে নিৰ্মাণ কৰা বাইলুংচুক পথত নপৰিল এটুকুৰাও ইটা
কাগজে-কলমে নিৰ্মাণ কৰা হ’ল পিভাৰ ব্লকৰে বাইলুংচুক পথটি
RTI তথ্যই উদঙাইছে এই ভয়াৱহ কেলেংকাৰীৰ পোহাৰৰ সবিশেষ
পঞ্চায়তটোত সভানেত্ৰী অৱন্তী গগৈ , সচিব চন্দন বৰা , Accredited Engineer ( অধিস্বীকৃত অভিযন্তা) দেৱজিৎ গগৈ আৰু GRS চন্দন বৰাৰ লুটৰাজ
BDO ৰ ৰহস্যজনক ভূমিকাও সন্দেহজনক ।