শিৱসাগৰৰ আমগুৰি দোপদৰৰ এখন প্ৰাথমিক বিদ্যালয়ত অমানৱীয় কাণ্ড।শিক্ষকে জেওৰা খুটিৰে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰিলে ছাত্ৰক, গুৰুৰ শিষ্যৰ মাজত সংঘাত।
দোপদৰত সংঘটিত হ’ল এক অমানৱীয় কাণ্ড । শিৱসাগৰৰ আমগুৰি দোপদৰত গুৰুৰ শিষ্যৰ মাজত এই সংঘাত ।শিক্ষকে জেওৰা খুটিৰে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰিলে ছাত্ৰক ।প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবেই শিক্ষকে গুৰুলা গুৰুলকৈ জেওৰা খুটিৰে প্ৰহাৰ কৰিলে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক । দোপদৰ গাড়ীগাঁও প্ৰাথমিক বিদ্যালয়ত এই অমানৱীয় কাণ্ড শিক্ষা গুৰুৰ । শিক্ষকৰ প্ৰহাৰত আহত কণমানি ছাত্র । বিগত দিনত বিদ্যালয়ৰ পৰীক্ষা চলি থকা অৱস্থাতো শিক্ষক দীপক দাসে গুৰুলা গুৰুলকৈ ছাত্ৰজনক প্ৰহাৰ কৰাৰ অভিযোগো উত্থাপিত হৈছে ।শিক্ষকজনৰ এনে কাণ্ডত অঞ্চলটোত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শিক্ষক দীপক দাসে অন্য চিন্তাত থকাৰ বাবেই ছাত্রজনক এনেদৰে প্ৰহাৰ কৰা বুলি টুলুঙা মন্তব্য কৰিছে । এতিয়া প্ৰশ্ন হয়, দোপদৰ গাড়ীগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দীপক দাসে বিদ্যালয়ত শিক্ষা দান কৰাৰ ক্ষণত অন্য চিন্তাত থকাৰ কাৰণ কি ? কেনেকৈ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিব এই সকল ব্যাগোম শিক্ষা গুৰুৱে ।সেয়া এতিয়া ৰাইজৰ আৰু সচেতন মহলৰ বাবে এক প্ৰশ্নৰ বিষয় হৈ পৰিছে।