শিৱসাগৰত নামদাং নৈত উদ্ধাৰ পিতৃ-কন্যাৰ মৃতদেহ

140

অসমৰ শিৱসাগৰ জিলাৰ নামদাং নৈত উটি যোৱা পিতৃ-কন্যাৰ মৃতদেহ বুধবাৰে উদ্ধাৰ কৰা হয়।

তীব্ৰ অনুসন্ধান অভিযানৰ অন্তত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহকেইটা।

মঙলবাৰে নিশা নামতিৰ খামুন গাঁৱৰ পৰা পিতৃ আৰু নাবালিকা কন্যা দুয়োজনেই সন্ধানহীন হৈ পৰে।

নিহত দুজন হৈছে প্ৰশান্ত শৰ্মা আৰু গীতাশ্ৰী শৰ্মা।

খবৰ অনুসৰি, নামদাং নদীৰ পাৰত পিতৃক বিচাৰি বাহিৰলৈ ওলাই গৈছিল কন্যা।

তাৰ পিছতে পিতৃৰ লগতে সন্ধানহীন হৈ পৰিছিল কন্যাও।