শিৱসাগৰত আৰক্ষীৰ জিম্মাত মৃত্যু বাইক চুৰি গোচৰত অভিযুক্তৰ, নিলম্বন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক

261

শিৱসাগৰ জিলাত মঙলবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ গৈ মৃত্যু ঘটে বাইক চুৰি কৰাৰ অপৰাধত বন্দী এজন অভিযুক্তৰ।

বাবু গোৱালা নামৰ অভিযুক্তজনে পলায়নৰ চেষ্টাত পুখুৰীত জপিয়াই পৰে।

সূত্ৰ অনুসৰি মঙলবাৰে গৌৰীসাগৰত পুতুল দাসৰ এখন ক’লা ৰঙৰ পালচাৰ বাইক চুৰি হয়।

চিচিটিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে বাবুক আটক কৰে আৰু তাৰ পিছত জেৰাৰ সময়ত তেওঁ পলায়ন কৰিবলৈ থানাৰ সমীপৰ পুখুৰীত জপিয়াই পৰে বুলি আৰক্ষীয়ে জনায়।

বাবুক ততাতৈয়াকৈ সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

বাবুৰ পত্নীয়ে কয়, “কালি সন্ধিয়া পুলিচে আমাৰ ঘৰলৈ আহি মোৰ স্বামীক মাতি আমাৰ দুৱাৰত ঢকিয়াবলৈ ধৰিলে। আমাৰ দুৱাৰ ভাঙি সোমাই আহিল। আমি তেওঁলোকক চাইল্ড লিফ্টাৰ বুলি ভুল কৰিলোঁ গতিকে আমি আমাৰ ল’ৰা-ছোৱালীক লগত লৈ গৈ লুকুৱাবলৈ চেষ্টা কৰিলোঁ৷ তেওঁলোকে ক’লে যে তেওঁলোকে কেৱল চুৰি হোৱা বাইকখনৰ সন্দৰ্ভত জেৰা কৰিব আৰু একো নাপালে পিছদিনা মোৰ স্বামীক এৰি যাব।”

“ইয়াৰ পিছত মোৰ স্বামীয়ে তেওঁলোকৰ লগত যাবলৈ মান্তি হ’ল। কিন্তু একেটা নিশাৰ ভিতৰতে কেনেকৈ তেওঁৰ মৃত্যু হ’ল? চিকিৎসালয়লৈ লৈ গৈছিল যদিও ঘটনাটোৰ বিষয়ে আমাক অৱগত কৰা নাছিল। তেওঁক মৃত ঘোষণা কৰাৰ পিছতে ৰাতিপুৱাই আমাক খবৰ দিয়ে।”

অভিযুক্তৰ মৃত্যুৰ পিছতে স্থানীয় ৰাইজে থানাৰ চাৰিওফালে সমবেত হৈ বিষয়টোৰ তদন্তৰ দাবী জনায়।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত আৰক্ষী মোতায়েন কৰা হয়।

তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হয় থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিত বৰঠাকুৰক।

জ্যেষ্ঠ বিষয়াৰ অধীনত আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।