শিল্পী নহয়, এতিয়া ‘কংগ্ৰেছী’ হল বাবু, অজয়, নেকিব…

80

গুৱাহাটীঃ আজি ৰাজধানী গুৱাহাটী মহানগৰীত শাসকীয় বিজেপি আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছে আগন্তুক নিৰ্বাচনৰ দামামা বজালে। শাসকীয় বিজেপিয়ে হেঙেৰাবাৰী কাৰ্যালয়ত যোগদান সভা অনুষ্ঠিত কৰাৰ বিপৰীতে বিৰোধী কংগ্ৰেছে মহানগৰীৰ মানবেন্দ্ৰ শৰ্মা কম্পপ্লেক্সত যোগদান সভা অনুষ্ঠিত কৰে।

দুই দলৰ যোগদান সভা আছিল তাৎপৰ্যপূৰ্ণ। কিয়নো কোভিড মহামাৰীৰ বাবে যোৱা বিহুৰ সময়ত মঞ্চত গীত পৰিৱেশন কৰিব নোৱাৰাৰ লগতে কোনো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰা একাংশ শিল্পী, কলা-কুশলীয়ে বিজেপি আৰু কংগ্ৰেছত যোগদান কৰিছে। শাসকীয় বিজেপিয়ে ২৯ গৰাকী শিল্পী, কলা-কুশলীক গেৰুৱা বসন পিন্ধোৱাৰ সমানেই কংগ্ৰেছেও কেইবাগৰাকী শিল্পী, কলা-কুশলীক হাতত ধৰায়।

‘লাডেন আছিল পলাই, গৈ পাকিস্তান, তোমাক পিছে পলাই লৈ যাম ৰাজস্থান’ শীৰ্ষক গীতেৰে জনপ্ৰিয় হৈ পৰা শিল্পী বাবু বৰুৱা, অজয় ফুকন, নেকিব, টানা দেৱৰাজকে ধৰি অসমৰ প্ৰায় অৰ্ধ শতাধিক শিল্পী, কলা-কুশলীয়ে গুৱাহাটীস্থিত মানবেন্দ্ৰ শৰ্মা কম্পপ্লেক্সত অনুষ্ঠিত সভাত কংগ্রেছত যোগদান কৰে। কংগ্ৰেছত যোগদান কৰি শিল্পী বাবু বৰুৱা আৰু অজয় ফুকনে বিজেপিৰ অসমীয়া বিৰোধী স্থিতিৰ তীব্ৰ বিৰোধিতা কৰি অনাগত দিনত বিজেপিৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ, একনায়কত্ববাদ আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ৰাজনৈতিক আন্দোলন গঢ়ি তোলাৰ মত পোষণ কৰে।

এই যোগদান কার্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা প্ৰাক্তন মুখ্যমন্ত্ৰী ডা০ ভূমিধৰ বৰ্মন, অসম বিধানসভাৰ বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, নিখিল ভাৰত কংগ্রেছ কমিটিৰ যুটীয়া সম্পাদক ড০ সঞ্জয় চৌধুৰী, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, বিধায়ক ওৱাজেদ আলী চৌধুৰী, বিধায়ক ৰেকিবুদ্দিন আহমেদ আদি উপস্থিত থাকে।