শিলাক্ৰমণৰ পৰা বাচিবলৈ মূৰত হেলমেট পৰিধান কৰি ৰাজহুৱা সভাত অংশ ল’লে এজন বিজেপি বিধায়কে…

210

মূৰত ক্ৰিকেট হেলমেট পৰিধান কৰি ৰাজহুৱা সভাত অংশ ল’লে এগৰাকী বিজেপি বিধায়কে।

মঙলবাৰে ছত্তীশগড়ৰ বিজেপি বিধায়্ক অজয় চন্দ্ৰকাৰে হেলমেট পৰিধান কৰি অংশ লয় এক ৰাজহুৱা সভাত।

জনতাৰ শিলাক্ৰমণৰ বিৰুদ্ধে এনেদৰে হেলমেট পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে বিধায়কগৰাকীয়ে।

সুপেলাত বিজেপিৰ এক অনুষ্ঠানৰ সময়ত বিধায়কগৰাকী আক্ৰমণৰ বলি হোৱা বুলি জানিব পৰা গৈছে।

চন্দ্ৰকাৰে কয় যে, “শিলাক্ৰমণকাৰীসকলে পাহৰি গ’ল যে তেওঁলোকে কেৱল মোৰ ওপৰত নহয়, ছত্তীশগড়ৰ জনসাধাৰণৰ ওপৰতো শিল নিক্ষেপ কৰিছে।”