শিলচৰত মৰেল পুলিছিংৰ ঘটনা

7

শিলচৰৰ সাম্প্ৰদায়িক সম্প্ৰতি বিনষ্ট কৰাৰ চেষ্টা একাংশ দুস্কৃতিকাৰীৰ ৷ অষ্টম শ্ৰেণীৰ এগৰাকী মুছলিম ধৰ্মালম্বী ছাত্ৰক ৰাজপথত মাৰপিটৰ লগতে কাণত ধৰাই উঠা বহা কৰোৱাই একাংশ উদণ্ড যুবকে জোৰজৱৰদস্তি কোৱালে “জয় শ্ৰী ৰাম“ ৷ ভয়ংকৰ এই ঘটনা সংঘটিত হৈছে শিলচৰ চহৰৰ চদৰঘাট অঞ্চলত । ভুক্তভোগী ছাত্ৰ গৰাকী শিলচৰ নৰসিং স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ৷ ঘৰ শিলচৰৰ মধুৰবন্ধত । জানিব পৰা মতে, যোৱা কালি ছাত্ৰ গৰাকী বিদ্যালয় ছুটীৰ পাছত ঘৰত যোৱাৰ সময়ত চদৰঘাট অঞ্চলত একাংশ উদণ্ড যুবকে ছাত্ৰ গৰাকীক আটক কৰে । আৰু ছাত্ৰ গৰাকীৰ বিৰুদ্ধে বিদ্যালয়ৰ দেৱালত “আল্লাহু আকবৰ“ লেখাৰ অভিযোগ উত্থাপন কৰি উদণ্ড যুবকৰ দলটোৱে ছাত্ৰ গৰাকীক ৰাজপথত মাৰপিট আৰম্ভ কৰে । কেৱল মাৰপিট নহয় কাণত ধৰাই উঠা বহা কৰোৱাই মুছলিম ধৰ্মালম্বীৰ ছাত্ৰ গৰাকীক জোৰজৱৰদস্তি “জয় শ্ৰী ৰাম“ কোৱালে উদণ্ড যুবকৰ দলটোৱে । ছাত্ৰ গৰাকী ময় আল্লাহু আকবৰ লিখা নাই বুলি কোৱাৰ পাছত ছাত্ৰ গৰাকীক গুৰালাগুৰলৈকৈ প্ৰহাৰ কৰে উদন্ড দলটোৱে । আৰু এই সমগ্ৰ ঘটনাৰ দৃশ্য উপস্থিত উদণ্ড যুবক সকলে মোবাইলত বন্দী কৰি আপলোড কৰিলে ছ’ছিয়েল মিডিয়াত ।

ইপিনে ছ’ছিয়েল মিডিয়াত ভয়ংকৰ এই ঘটনাৰ দৃশ্য ভাইৰেল হোৱাৰ পাছত শিলচৰ চহৰ সহ সমগ্ৰ কাছাৰ জিলাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে ভুক্তভোগী ছাত্ৰী গৰাকীৰ অভিভাৱকে ঘটনা সন্দৰ্ভত শিলচৰ চদৰ আৰক্ষী চকীত ৰুজু কৰিছে এক গোচৰ। ঘটনাৰ লগত জড়িত এজনকহ এতিয়া লৈকে গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে।