শিমলুগুৰি ৰে’লৱে জংচনত প্ৰায় ডেৰ কোটি টকা মূল্যৰ ড্ৰাগছসহ দুজনক আটক

326

মঙলবাৰে শিমলুগুৰি ৰে’ল জংচনত ৰে’লৱে সুৰক্ষা বাহিনীয়ে অভিযান চলাই প্ৰায় ডেৰ কোটি টকা মূল্যৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে উজনিমুৱা ৰঙিয়া এক্সপ্ৰেছত এই অভিযান চলায়।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক ক্ৰমে ডাইমণ্ড বৰুৱা আৰু ৰাহুল দাস বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সৰবৰাহকাৰী দুজনে ৰে’লযোগে ড্ৰাগছখিনি ডিমাপুৰ পৰা মাৰ্ঘেৰিটালৈ সৰবৰাহ কৰি আছিল।

বৰ্তমান শিমলুগুৰি ৰে’লৱে আৰক্ষীৰ জিম্মাত লৈ অধিক তথ্যৰ বাবে জেৰা অব্যাহত আছে ড্ৰাগছ সৰবৰাহকাৰী দুজনক।