শিখা শইকীয়া আত্মহত্যা কাণ্ড! অভিযুক্ত দম্পতীক আটক আৰক্ষীৰ

172

শিখা শইকীয়া আত্মহত্যাৰ গোচৰত বুধবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰধান অভিযুক্ত দুজনক।

তিনিচুকীয়া জিলাৰ পৰা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত দম্পতীহালক।

উল্লেখযোগ্য যে যোৱা ২৩ জুনত আত্মহত্যা কৰা শিখা শইকীয়াই এৰি থৈ যোৱা ছুইচাইড নোটত ডেইজী ৰাভা গগৈ আৰু নীৰিক্ষিত গগৈ নামৰ বিবাহিত দম্পতীৰ নাম উল্লেখ কৰিছিল।

শিখাই শিৱসাগৰৰ আমগুৰি ঘাটৰ এখন দলঙৰ পৰা দিখৌ নদীত জপিয়াই আত্মহত্যা কৰিছিল।

ধৃত দম্পতীক সম্প্ৰতি শিৱসাগৰ আৰক্ষী থানাত আৰক্ষী বিষয়াই জেৰা অব্যাহত ৰাখিছে।