শাৰী পিন্ধি পোষ্ট কৰিছিল ভিডিঅ’! সামাজিক মাধ্যমৰ ঠাট্টা-বিদ্ৰুপ সহিব নোৱাৰি আত্মহত্যা কিশোৰৰ

285

সামাজিক মাধ্যমত শাৰী পিন্ধি সাজি কাজি এটা ভিডিঅ’ পোষ্ট কৰাৰ পিছতে নেটিজেনৰ কটুক্তি, বিদ্ৰুপ সহ্য কৰিব নোৱাৰি অৱশেষত চৰম পথ বাছি ল’লে এটি ১৬ বছৰীয়া কিশোৰে। মধ্যপ্ৰদেশৰ উজ্জয়িনীত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে ১৬ বছৰীয়া কিশোৰীজন দশম শ্ৰেণীৰ ছাত্ৰ। ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেন্সাৰ হিচাপেও পৰিচিত আছিল কিশোৰজন। ছ’চিয়েল মিডিয়া প্ৰফাইলত শাৰী পিন্ধি কেইবাখনো ছবি আৰু ভিডিঅ’ আছে। দুৰ্গা পূজাৰ সময়তো ৰঙা-বগা শাৰী পিন্ধি এখন ছবি পোষ্ট কৰিছিল। লগতে নিয়মিতভাৱে লিপষ্টিক আৰু নেল পলিচ লগাইছিল।

কিন্তু ছোৱালীৰ দৰে এনেদৰে সাজি কাজি ভিডিঅ’ আৰু ফটো পোষ্ট কৰাৰ বাবেই একাংশ নেটিজেনে প্ৰতিনিয়ত কটুক্তি আৰু বিদ্ৰুপ কৰিছিল কিশোৰজনক। ইয়াৰ পিছতে শেহতীয়াকৈ ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় কিশোৰজনৰ মৃতদেহ। জানিব পৰা মতে, মাতৃৰ দুপত্তাৰে চিপ লৈ আত্মহত্যা কৰে কিশোৰজনে। স্থানীয় থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কমল সিং গেহলটে জানিবলৈ দিয়া মতে, কিশোৰজনৰ মোবাইল ফোন আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী জব্দ কৰা হৈছে। তেওঁৰ ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ পৰ্যবেক্ষণ কৰা হ’ব।

আৰক্ষীয়ে এতিয়াও আত্মহত্যাৰ কথা নিশ্চিত কৰা নাই। কিন্তু অভিযোগ অনুসৰি ১৬ বছৰীয়া কিশোৰজনে শাৰী পিন্ধি ভিডিঅ’টো পোষ্ট কৰাৰ বাবে ছ’চিয়েল মিডিয়াত তীব্ৰ ঠাট্টা-মস্কৰাৰ সন্মুখীন হৈছিল। তাৰ বাবেই তেওঁ হতাশাৰ বাবে আত্মহত্যা কৰিবলৈ বাছি লৈছিল। ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে কিশোৰজনৰ মৃত্যুৰ খবৰ।