শাস্ত্ৰীয় সংগীতৰ উজ্বল নক্ষত্ৰ পণ্ডিত যশৰাজৰ দেহাৱসান

74

নতুন দিল্লীঃ ২০২০ চনত বিশ্ববাসীয়ে পুনৰ হেৰুৱালে এটি উজ্বল নক্ষত্ৰ। ভাৰতীয় ধ্ৰুপদী সংগীতৰ চিৰসাধক পণ্ডিত যশৰাজৰ সোমবাৰে আমেৰিকাৰ নিউ জাৰ্ছিত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ। শাস্ত্ৰীয় সংগীত শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে তেওঁৰ কন্যা দুৰ্গা যশৰাজে। পৰিয়ালৰ সূত্ৰই সদৰি কৰা মতে, দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত বিভিন্ন সমস্যাত ভুগি আছিল শিল্পীগৰাকী।

শাস্ত্ৰীয় সংগীতলৈ আগবঢ়োৱা অনবদ্য অবদানৰ পৰিপ্ৰেক্ষিতত পণ্ডিত যশৰাজক ভাৰত চৰকাৰে প্ৰদান কৰিছে পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ সন্মান। বহু আন্তঃৰাষ্ট্ৰীয় সন্মানো লাভ কৰিছে শিল্পীগৰাকীয়ে। পণ্ডিত যশৰাজৰ বিয়োগ শাস্ত্ৰীয় সংগীতৰ জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি।

১৯৩০ চনত হাৰিয়ানাৰ হিচাৰৰ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা যশৰাজে সৰুতে পিতৃ পণ্ডিত মতিৰামৰ পৰা শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। ১৯৪৬ চনত তেওঁ কলকতালৈ গুছি আহে আৰু শাস্ত্ৰীয় সংগীতৰ সাধনাত একাম্তভাৱে নিয়োজিত হৈ পৰে। এগৰাকী বিশ্বখ্যাত শাস্ত্ৰীয় সংগীতজ্ঞৰ নামেৰে ২০১৯ বৰ্ষত মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই এটা ক্ষু্দ্ৰ উপগ্ৰহৰো নামাকৰণ কৰিছিল।