ষ্টাফৰিপৰ্টাৰ, শাখা সেন্দূৰ লোৱা সন্দৰ্ভত উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। হিন্দু বিবাহিতা মহিলাই শাখা সেন্দূৰ ল’ব নিবিচাৰিলে ধৰি লোৱা হ’ব বৈবাহিক সম্পৰ্কত থাকিব নিবিচাৰে। এই ক্ষেত্ৰত স্বামীয়ে বিবাহ বিচ্ছেদৰ বাবেও আবেদন কৰিব পাৰে।
মুখ্য ন্যায়াধীশ অজয় লাম্বাৰ নেতৃত্বত বিচাৰ পীঠৰ এই মন্তব্য। এক গোচৰ সম্বন্ধত এই মন্তব্য বিচাৰপীঠৰ। ইয়াক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।