শপত গ্ৰহণৰ তিনিদিন পিছতে কিয় পদত্যাগ কৰিলে বিহাৰৰ শিক্ষামন্ত্ৰীয়ে…

53

ডিজিটেল ডেস্ক: বিহাৰৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰাৰ পিছতে নীতিশ কুমাৰ নেতৃত্বাধীন এনডিএ চৰকাৰ এতিয়া তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হবলগা হৈছে। নীতিশ কুমাৰৰ কেবিনেটত দুৰ্নীতি পৰায়ণ বিধায়কে স্থান লাভ কৰাক লৈ সৰৱ চৰ্চা আৰম্ভ হোৱাৰ পিছতে অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য হয় মেৱালাল চৌধুৰীয়ে। উল্লেখ্য যে মাত্ৰ তিনিদিন পূৰ্বে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰূপে শপত লৈছিল মেৱালাল চৌধুৰীয়ে।

প্ৰণিধানযোগ্য যে, ২০১৭ চনত মেৱালাল চৌধুৰীক ভ্ৰষ্টাচাৰ সংঘটিত কৰাৰ অভিযোগত জেডিইউৰ পৰা নিলম্বন কৰা হৈছিল। কিন্তু কিছু দিন পিছতে পুনৰ দলত স্থান দিয়া হয় তেওঁক। আনহাতে সেই সময়ত বিৰোধী বিজেপিয়েই মেৱালাল চৌধুৰীক গ্ৰেপ্তাৰৰ দাবী জনাইছিল। আৰু সেই সময়ত বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰামনাথ কোৱিন্দ-এ মেৱালালক গ্ৰেপ্তাৰত অনুমোদন জনাইছিল। কিন্তু ৰহস্যজনকভাৱে আজিও এইগৰাকী ভ্ৰষ্টাচাৰী নেতাৰ বিৰুদ্ধে চার্জ শ্বিত দাখিল কৰা নহল।