শঙ্কৰদেৱ কলাক্ষেত্ৰত স্থাপন কৰিবলৈ অনুমতি দিয়া নহয় মিঞা মিউজিয়াম

58

ডিজিটেল ডেস্ক: এইবাৰ মিঞা সংগ্ৰহালয় বিতৰ্কই কঁপাইছে ৰাজ্য। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ চৰ-চাপৰিত বসবাস কৰা মানুহৰ সংস্কৃতি আৰু ঐতিহ্য প্ৰতিফলিত হোৱাকৈ মিঞা সংগ্ৰাহলয় স্থাপনৰ দাবীক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। মাত মাতিছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধায়ক পদ্ম হাজৰিকাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ অনুমতি প্ৰদান কৰিবলৈ অস্বীকাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

বাঘবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ দাবী উত্থাপন কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিধায়কজনৰ এই দাবী প্ৰত্যাখ্যান কৰিবলৈ গৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰ অঞ্চলত বাস কৰা গৰিষ্ঠ সংখ্যক লোকেই বাংলাদেশৰ পৰা প্ৰব্ৰজিত বুলি কৰা মন্তব্যয়ো এতিয়া সৃষ্টি কৰিছে আন এক বিতৰ্কৰ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ অনুমতি প্ৰদান কৰা নহয় বুলি স্পষ্ট কৰি দি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইট কৰে। য’ত তেওঁ চৰ অঞ্চলত বাস কৰা লোক সকলৰ কোনো পৃথক পৰিচয় আৰু সংস্কৃতি নাই বুলি উল্লেখ কৰাৰ লগতে তেওঁলোকৰ অধিকসংখ্যকেই বাংলাদেশৰ পৰা প্ৰব্ৰজিত বুলিও মন্তব্য কৰে।

মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে প্ৰত্যুত্তৰ বৰষুণ নমাইছে বিধায়ক শ্বেৰমান আলীয়ে। বাংলাদেশ স্বাধীন হোৱাৰ পূৰ্বৰে পৰাই অসমৰ চৰ অঞ্চলত বাস কৰা পূৰ্ব বংগীয় লোকসকলক বাংলাদেশ প্ৰব্ৰজিত বুলি কৰা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক গৰিহণা দিয়ে শ্বেৰমান আলীয়ে। তেওঁ কয় যে যি সময়ত অসমত চাহ জনগোষ্ঠীয় লোকৰ প্ৰব্ৰজন ঘটিছিল, সেই একেই সময়তে পূৰ্ব বংগৰ পৰা প্ৰবজন ঘটিছিল মিঞা সকলৰ। কিন্তু যদি চাহ জনগোষ্ঠীয় লোকৰ সংস্কৃতিক অসমত মৰ্যাদা প্ৰদান কৰা হয়, তেন্তে মিঞা সকলৰ সংস্কৃতিক কিয় প্ৰদান কৰা নহয় বুলিও প্ৰশ্ন কৰে শ্বেৰমান আলীয়ে।

ইফালে এই মিঞা সংগ্ৰহালয় বিতৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক পদ্ম হাজৰিকায়ো। অসমীয়া সংস্কৃতিৰ সৌধ স্বৰূপ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ দাবী জনাই শ্বেৰমান আলীয়ে অসমৰ ভৱিষ্যতক লৈ তেওঁলোকৰ ভয়াবহ পৰিকল্পনাৰ ইংগিত দিয়া বুলি মন্তব্য কৰে পদ্ম হাজৰিকাই।