লোমহৰ্ষক! ১৬ বছৰীয়া ছাত্ৰীক অপহৰণ কৰি ধৰ্ষণৰ পিছত হত্যা শিক্ষকৰ, উত্তাল ৰাজস্থান

90

আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে ৰাজস্থানৰ ছাৱাই মাধোপুৰ জিলাৰ এটা কুঁৱাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে স্থানীয় ৰাইজে ছাত্ৰীগৰাকীৰ শিক্ষকে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ইতিমধ্যে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে অভিযুক্তৰ বিৰুদ্ধে বনলী থানাত ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰিছে।

যোৱা ৮ আগষ্টত চৰকাৰী বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছত পিতৃয়ে তেওঁক অপহৰণ কৰাৰ অভিযোগত বিদ্যালয়ৰ শিক্ষক ৰামৰতন মীনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে কিশোৰীগৰাকীৰ আত্মীয় আৰু স্থানীয় গাঁওবাসীয়ে মৃতদেহটো বিদ্যালয়ৰ খেলপথাৰত ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে।

ক্ষতিপূৰণ, বিদ্যালয়ৰ সমগ্ৰ কৰ্মচাৰীক অপসাৰণ, জ্যেষ্ঠ আৰক্ষী বিষয়াৰ তদন্ত আৰু অভিযুক্তক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই পৰিয়াল আৰু স্থানীয় ৰাইজে পৰিস্থিতি উত্তাল কৰি তোলে।

প্ৰতিবাদৰ বাবে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰিব পৰা নগ’ল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইফালে অভিযুক্ত শিক্ষক ৰামৰতন মীনাক আটক কৰি জেৰা অব্যাহত ৰখাৰ লগতে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে।

বিদ্যালয়খনৰ সকলো পুৰুষ কৰ্মচাৰীকো আঁতৰাই দিয়া হৈছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।

এই ঘটনাক লৈ চৰকাৰক আক্ৰমণ কৰি ৰাজস্থান বিধানসভাৰ বিৰোধী দলপতি ৰাজেন্দ্ৰ ৰাথোৰে কয় যে কংগ্ৰেছৰ শাসনত ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে।

বৃহস্পতিবাৰে চৰকাৰে মহিলাৰ বাবে ‘ইন্দিৰা গান্ধী স্মাৰ্টফোন’ আঁচনি মুকলি কৰাক সমালোচনা কৰি ৰাথোৰে কয় যে ৰাজ্যৰ ছোৱালী আৰু মহিলাসকলক স্মাৰ্টফোনৰ সলনি ন্যায়ৰ প্ৰয়োজন।