লোমহৰ্ষক! দৰঙত কুঠাৰেৰে ঘপিয়াই হত্যা এজনক…

259

সোমবাৰে দৰং জিলাত এজন ব্যক্তিক কুঠাৰেৰে ঘপিয়াই হত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। নিহত ব্যক্তিজনৰ পৰিচয় পৰেশ চহৰীয়া বুলি জানিব পৰা গৈছে।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী জিতুমণি নাথক।

জানিব পৰা মতে, দৰঙৰ পাথৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত কটাহী গাঁৱত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড।

জানিব পৰা মতে, পৰেশ চহৰীয়াৰ পিতৃ-মাতৃৰ সৈতে জিতুমণি নাথে মদ্যপান কৰি দুৰ্ব্যৱহাৰ কৰাৰ কেন্দ্ৰ কৰি দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটে।

ইয়াৰ পিছতে জিতুমণি নাথে নিজৰ বাসগৃহৰ পৰা টানি লৈ যায় পৰেশ চহৰীয়াক। তাৰ পিছতে কুঠাৰেৰে প্ৰহাৰ কৰি হত্যা কৰে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

পিছত মঙলবাৰে নাথক গ্ৰেপ্তাৰ কৰে পাথৰিঘাট আৰক্ষীয়ে।

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায়।