লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক উত্তম যুদ্ধ সেৱা পদক প্ৰদান ৰাষ্ট্ৰপতিৰ

82

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত বীৰত্ব বঁটা প্ৰদান অনুষ্ঠানত সোমবাৰে উত্তম যুদ্ধ সেৱা পদকৰে অসমৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক সন্মানিত কৰে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জেনেৰেল কলিতাক অভিনন্দন জনাই কয় যে তেওঁ সন্মানীয় বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া বিষয়া।

ৰঙিয়াৰ বাসিন্দা লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ইয়াৰ পূৰ্বে তেওঁৰ সেৱাৰ বাবে সেনা পদক আৰু বিশিষ্ট সেৱা পদক লাভ কৰিছে।
তেওঁ বিশেষকৈ প্ৰথম জন অসমীয়া সেনা বিষয়া আৰু উত্তৰ-পূব অঞ্চলৰ পৰা কৰ্পছ কমাণ্ডাৰ হিচাপে নিযুক্ত হোৱা দ্বিতীয়গৰাকী বিষয়া।

তদুপৰি, তেওঁ জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ৰাইফলছ বেটেলিয়নৰ কমাণ্ডাৰ আৰু ৰাষ্ট্ৰসংঘৰ পৰ্যবেক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। ২০১৮ চনত, তেওঁক বাৰামুলা নিয়ন্ত্ৰণ ৰেখাত ১৯ তম পদাতিক বিভাগৰ কমাণ্ডিং কৰাৰ বাবে অতি বিশিষ্ট সেৱা পদক প্ৰদান কৰা হৈছিল।