লাহৰীঘাটত প্ৰধান শিক্ষকক হাৰাশাস্তি

283

লাহৰীঘাটত এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে এটা দুষ্টচক্ৰই বিভিন্ন সময়ত হাৰাশাস্তি কৰি অপপ্ৰচাৰ চলাই অহাৰ অভিযোগ উঠিছে । লাহৰীঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বোৱালগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মালিকৰ বিৰুদ্ধে এজন ছাত্ৰক প্ৰহাৰ কৰা বুলি মিছা অভিযোগ তুলি শিক্ষকজনক ৰাজহুৱাকৈ অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । যাৰ ফলত এতিয়া উক্ত বিদ্যালয়খনৰ কৰ্মৰত আন আন মহিলা শিক্ষয়িতীসকল তীব্ৰ শংকাত পাঠদান কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখ্য যে , দুষ্টচক্ৰটোৱে যোৱা ৫ আগষ্টৰ পুৱা বিদ্যালয়খনত অনাধিকাৰ প্ৰৱেশ কৰি প্ৰধান শিক্ষকগৰাকীক অভব্য আচৰণ কৰাত এতিয়া জাঙুৰ খাই উঠিছে বিদ্যালয় পৰিচালনা সমিতি । বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা উক্ত চক্ৰটোৰ বিৰুদ্ধে মৰিগাওঁ জিলা প্ৰশাসনে শীঘ্ৰে ব্যাৱস্থা গ্ৰহনৰ দাবী জনায় বিদ্যালয় পৰিচালনা সমিতিয়ে ।