গুৱাহাটীঃ সোমবাৰে কাৰ্বি আংলঙৰ লাহৰিজানত ড্ৰাগছৰ বিৰুদ্ধে চলোৱা আৰক্ষীৰ অভিযানৰ সময়ত আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হয় ড্ৰাগছ সৰবৰাহকাৰী। অভিযানকালত ড্ৰাগছ সৰবৰাহকাৰীজনে আৰক্ষীলৈ লক্ষ্য কৰি গুলিচালনা কৰাত প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলিচালনা কৰে।
ইফালে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা এজন ড্ৰাগছ সৰবৰাহকাৰীক লগে লগে স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। সৰবৰাহকাৰী জনৰ পৰা ৬০০ গ্ৰাম হেৰোইন, এটা পিষ্টল আৰু গোলা-বাৰুদ উদ্ধাৰ কৰে আৰক্ষীয়ে।
ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে, কিছুদিন পূৰ্বে কাৰ্বি আংলং আৰক্ষীয়ে আন এক অভিযানত লাহৰিজানৰ এজন ড্ৰাগছ সৰবৰাহ কাৰীৰ পৰা ৫৮৪ গ্ৰাম হেৰোইন জব্দ কৰিবলৈ সক্ষম হৈছিল।
