লামডিঙত চোৰাং চিকাৰীৰে বনৰক্ষী বাহিনীৰ সংঘৰ্ষ, এজনক আটক

62

ৰাজ্যত চোৰাং চিকাৰীৰ পৰা বন্য জীৱ-জন্তুক ৰক্ষা কৰিবলৈ সক্ষম হোৱাৰ সময়তে লামডিঙৰ বনাঞ্চলত বনৰক্ষী বাহিনীৰে সংঘৰ্ষত লিপ্ত হয় চোৰাং চিকাৰীৰ দল। জানিব পৰা মতে, লামডিং সংৰক্ষিত বনাঞ্চলত বুধবাৰে বন বিষয়া ছৈয়দুল আলমৰ নেতৃত্বত বনৰক্ষীৰ এটা দলে তহল দি থকাৰ সময়তে তিনিজনীয়া চোৰাং চিকাৰীৰ এটা দলে বনৰক্ষী বাহিনীলৈ লক্ষ্য কৰি গুলিবৰ্ষণ কৰে।

ইফালে বনৰক্ষী বাহিনীৰ দলেও প্ৰত্যুত্তৰ এক জাই গুলীবৰ্ষণ কৰাত চোৰাৗ চিকাৰী দলটোৰ দুজন সদস্য পলায়ন কৰিবলৈ সক্ষম হয় যদিও এজনক বনৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰাং চিকাৰীজন ৩নং চাৰ্থে বস্তিৰ ৰেকিব আলী (৬৫) বুলি জানিব পৰা গৈছে। বনৰক্ষী বাহিনীয়ে ধৃত চোৰাং চিকাৰীজনৰ পৰা হাজে সজা বন্দুক, বাৰুদ, গুলী, চোকা অস্ত্ৰ আৰু এখন জাল আৰু কেইবাটাও বনৰীয়া চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়।