ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। এই অভিযানৰে অংশস্বৰূপে ৰে’ল আৰক্ষীয়ে অভিযান চলাই দেওবাৰে লামডিং ৰে’লৱে ষ্টেছনৰ পৰা বৃহৎ পৰিমাণৰ হেৰোইনসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
লামডিং ষ্টেছনৰ ৰে’ল আৰক্ষীয়ে ষ্টেছনৰ ৪নং প্লেটফৰ্মৰ পৰা হেৰোইনভৰ্তি ৫৪টা কন্টেনাৰ জব্দ কৰাৰ লগতে বহু পৰিমাণৰ নিচাজাতীয় টেবলেটও জব্দ কৰিবলৈ সক্ষম হয়।
ইফালে হেৰোইনখিনিৰ সৰবৰাহৰে জড়িত কৰিমগঞ্জৰ তাজউদ্দিন আলী আৰু লক্ষিপুৰৰ চাইবুদ্দিন লস্কৰ নামৰ দুজন লোকক আটক কৰে। জব্দকৃত হেৰোইনখিনিৰ বজাৰ মূল্য ৫ লক্ষাধিক টকা হব বুলি ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়ে। হেৰোইনখিনি ডিমাপুৰৰ পৰা ধুবুৰীৰ দিশে সৰবৰাহ কৰা হৈছিল বুলি সন্দেহ কৰিছে ৰে’ল আৰক্ষীয়ে।