লামডিং ষ্টেছনত আৰক্ষীৰ অভিযানত জব্দ একে-৪৭ ৰাইফল আৰু ১১ কেজি গাঞ্জা

86

লামডিং ষ্টেছনত আৰক্ষীৰ অভিযানত জব্দ একে ৪৭ বন্দুক আৰু এটা মেগজিন।

জানিব পৰা মতে, আগৰতলা ইউকলি এক্সপ্ৰেছত চলোৱা অভিযানৰ সময়ত ৰে’লখনৰ ভিতৰত উদ্ধাৰ হয় বন্দুকটো।

লামডিং আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰে’লখনৰ সাধাৰণ শ্ৰেণীৰ এটা ডবাত এটা লাগেজ বেগৰ ভিতৰত কম্বলেৰে মেৰিয়াই অনা হৈছিল একে-৪৭ বন্দুকটো। আৰক্ষীৰ নিয়মিত পৰীক্ষাৰ সময়ত সন্দেহজনক বেগটোৰ ওপৰত আৰক্ষীৰ চকু পৰাত বন্দুকটো উদ্ধাৰ হয়।

ইফালে একেখন ৰে’লতে চলোৱা আন এক অভিযানত জব্দ হয় ১১ কেজি গাঞ্জা। অৱশ্যে, গোচৰটোৰ সৈতে জড়িত অভিযুক্তৰ বিষয়ে কোনো তথ্য পোৱা নগ’ল।