“লাভ জেহাদ বিজেপি সৃষ্ট এটা শব্দ মাথোঁ, প্ৰেমত কোনো জেহাদৰ স্থান নাই”

90

ডিজিটেল ডেস্ক:- লাভ জেহাদ। ভাৰতত এতিয়া চৰ্চিত শব্দ এয়া। বিশেষকৈ মুছলমান ধৰ্মাৱলম্বীৰ সৈতে কোনো হিন্দু যুৱতীৰ বিবাহ বা প্ৰেমক লাভ জেহাদ হিচাপে আখ্যা দিয়া হয়। হাৰিয়ানাত কিছু দিন পূৰ্বে এজন মুছলমান যুৱকে এগৰাকী কলেজীয়া ছাত্ৰীক কলেজৰ বাহিৰত গুলিয়াই হত্যা কৰাৰ কাৰণো লাভ জেহাদ বুলি অভিহিত কৰা হৈছিল।

লাভ জেহাদক লৈ দেশজুৰি অব্যাহত থকা চৰ্চাৰ মাজতে এই শব্দটো বিজেপিয়ে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ বাবে প্ৰচলন কৰা বুলি দাবী কৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে। তেওঁ কয় যে প্ৰেমত জেহাদ বোলা কোনো শব্দৰ প্ৰয়োগ নহয়।

টুইটযোগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “লাভ জেহাদ বিজেপিৰ দ্বাৰা প্ৰচলিত শব্দ যাতে দেশক ভাগ ভাগ কৰিব পাৰে আৰু ভিন্ন সম্প্ৰদায়ৰ মাজত থকা ঐক্যতা ধ্বংস কৰিব পাৰে। বিবাহ হৈছে এক ব্যক্তিগত স্বাধীনতাৰ বিষয়। ইয়াৰ ওপৰত আইন প্ৰণয়ন কৰাটো সম্পূৰ্ণ অসাংবিধানীক। প্ৰেমত জেহাদ নামৰ কোনো শব্দৰ স্থান নাই।”

উল্লেখ্য যে দেশজুৰি বৃদ্ধি পোৱা লাভ জেহাদৰ ঘটনা প্ৰতিৰোধৰ বাবে আইন প্ৰণয়ন কৰাৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় মোদী চৰকাৰে।