শেহতীয়াকৈ গোলাঘাটত সংঘটিত ত্ৰিপল মাৰ্ডাৰ ‘লাভ জেহাদ’ৰ পৰিণতি বুলি দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ১৫ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰি দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি বিহাৰ প্ৰতিশ্ৰুতি দিয়ে।
উল্লেখযোগ্য যে, ২৪ জুলাইত পৰিয়ালৰ সমস্যাক লৈ এজন ২৫ বছৰীয়া যুৱকে পত্নী আৰু পিতৃ-মাতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছত গোলাঘাট জিলা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল যুৱকজনে। মৃত পৰিয়ালটোৰ আত্মীয়ৰ ওচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে ত্ৰিপল মাৰ্ডাৰ গোচৰটোৱে ‘লাভ-জেহাদ’ এক “সত্য আৰু বাস্তৱিক ধাৰণা” বুলি প্ৰমানিত কৰিছে।
‘লাভ জেহাদ’ হৈছে সোঁপন্থী কৰ্মীসকলে মুছলমান পুৰুষে বিবাহৰ জৰিয়তে হিন্দু নাৰীক ধৰ্মান্তৰিত কৰিবলৈ প্ৰলোভিত কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিবলৈ ব্যৱহাৰ কৰা শব্দ।
মুখ্যমন্ত্ৰীয়ে কয় যে, “মৃত পৰিয়ালটো হিন্দু আছিল, আৰু অভিযুক্তজন মুছলমান সম্প্ৰদায়ৰ। তেওঁ প্ৰথমে ফেচবুকত হিন্দু নামেৰে নিজৰ পৰিচয় দিছিল… মহিলাগৰাকীয়ে ড্ৰাগছ সেৱন কৰিবলৈ শিকিছিল যেতিয়া দম্পতীহালে কলকাতালৈ গৈছিল।”
শৰ্মাৰ মতে, অভিযুক্ত মেকানিকেল ইঞ্জিনিয়াৰজন ড্ৰাগছ আসক্ত আৰু নিষিদ্ধ দ্ৰব্য সৰবৰাহৰ লগত জড়িত আছিল। তেওঁ আৰু দাবী কৰে যে মহিলাগৰাকীক বেজী দিয়া ড্ৰাগছৰ প্ৰভাৱত বলপূৰ্বকভাৱে গৰ্ভধাৰণ কৰা হৈছিল আৰু অভিযুক্তৰ ঘৰত থকাৰ সময়ছোৱাত নিৰ্যাতন চলোৱা হৈছিল, যাৰ ফলত মহিলাগৰাকীয়ে নিজৰ মাতৃগৃহলৈ উভতি যায়।
ইয়াৰ পূৰ্বে মহিলাগৰাকীয়ে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল, যাৰ ফলত স্বামীক কাৰাবাস খাটিবলগীয়া হৈছিল। ছ’চিয়েল মিডিয়াত ধৰ্মীয় পৰিচয় লুকুৱাই ৰাখি মহিলাক বিবাহৰ বাবে প্ৰভাৱিত কৰা, যাৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হয়, য’ত তেওঁলোকে ঘূৰি আহিব নোৱাৰে বা সমাজৰ গ্ৰহণযোগ্যতাৰ সন্মুখীন হ’ব নোৱাৰে, তেনে ক্ষেত্ৰত শৰ্মাই ব্যক্তিগত উদ্বেগ প্ৰকাশ কৰে।
পুংখানুপুংখ তদন্তৰ প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰীয়ে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।
