লাচিত বৰফুকন এপ আৰু পৰ্টেল মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

103

মোগল সাম্ৰাজ্যক পৰাস্ত কৰা আহোম বংশৰ মহান যোদ্ধা গৰাকীৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে লাচিত বৰফুকন এপ আৰু পৰ্টেল।

জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই এপ আৰু পৰ্টেল মুকলি কৰে।

এপটোৰ জৰিয়তে মানুহে কাগজৰ শ্বীটত লিখি যোদ্ধাজনৰ ওপৰত নিজৰ চিন্তা-চৰ্চা শ্বেয়াৰ কৰিব পাৰে আৰু এপটোত আপলোড কৰিব পাৰে।

প’ৰ্টেল আৰু এপত লিখাসমূহ আপলোড কৰা লোকসকলক ৰাজ্য চৰকাৰে প্ৰদান কৰা হ’ব স্বীকৃতিৰ প্ৰমাণ পত্ৰ।

লাচিত বৰফুকনৰ সন্দৰ্ভত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে নিজৰ মতামত ভাগ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই জনায়।

তদুপৰি অহা ১৮ নৱেম্বৰত অসমৰ সকলো শিক্ষানুষ্ঠানতে লাচিত বৰফুকনৰ ওপৰত এখন ৰচনা-লিখা প্ৰতিযোগিতা আয়োজন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে।

তেওঁ সকলো শিক্ষানুষ্ঠানকে ৰচনা জমা দিবলৈ বাধ্যতামূলক কৰিছে।

তেওঁ আৰু জনায় যে পৰৱর্তী সময়ত জিলা আৰু ৰাজ্যিক পর্যায়ত প্রতিযোগিতা অনুষ্ঠিত হ’ব৷