লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীত নগাঁও জিলা প্ৰশাসনৰ লেখা আহ্বান

286

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ নিৰ্দেশনাক্ৰমে নগাঁও জিলা প্ৰশাসনে জিলাখনৰ লেখক,নাগৰিক আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা মহান বীৰগৰাকীৰ জীৱন আৰু বীৰত্বৰ আধাৰত যুগুত কৰা অথবা তেওঁৰ সৈতে জড়িত যিকোনো বিষয়ৰ লেখা আহ্বান কৰিছে।

লেখাসমূহ ১০০ৰ পৰা ১০০০ শব্দৰ ভিতৰত হ’ব লাগিব আৰু ভাল হাতৰ আখৰৰে লিখা অথবা টাইপ কৰা হ’ব লাগিব। লেখাসমূহৰ পৰা ১০০টা উন্নত মানৰ লেখা বাছনি কৰি সেই সমূহ জিলা প্ৰশাসনৰ চৰকাৰী ৱেবচাইট আৰু ফেচবুক পেজত আপলোড কৰা হ’ব। ইয়াৰে উৎকৃষ্ট পাঁচটা লেখা বাছনি কৰি সাধাৰণ প্ৰশাসন বিভাগলৈ পুৰষ্কাৰৰ বাবে প্ৰেৰণ কৰা হ’ব।

লেখাৰ হাৰ্ড কপিসমূহ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়, নগাঁও ,ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু চৰকাৰী বিদ্যালয়সমূহত অথবা ছফট কপিসমূহ 9395742114 হোৱাটছ এপ নম্বৰত অথবা dipronagaon@gmail.com ই-মেইলৰ যোগেদি অহা ৩১ আগষ্টৰ ভিতৰত জমা দিব লাগিব।