লাচিত ঘাটত উদ্ধাৰ ২ কণমানিৰ মৃতদেহ, তীব্ৰ চাঞ্চল্য

262

গুৱাহাটীৰ লাচিত ঘাটত দুটিকৈ কণমানি শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

৫-৬ মহীয়া শিশু দুটিক গাঁতত পুতিবলৈ চেষ্টা কৰিছিল কোনো লোকে।

কিন্তু গাঁত খান্দি নোপোতাকৈ পেলাই থৈ যায় কণমানি দুটিৰ মৃতদেহ।

মৃত শিশু দুটিৰ এটি ল’ৰা আৰু এজনী ছোৱালীৰ বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত ভৰলুমুখ আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুদুটিৰ মৃতদেহ।

ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

বৃহস্পতিবাৰে পুৱাৰ ভাগতে শিশু দুটিক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ।