লাওখোৱাত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ও স্মাৰক পত্ৰ প্ৰেৰণ।বিজেপিয়ে ৰাইজৰ আস্থা বিশ্বাস হেৰুৱাই জনসংযোগ পাতি আছে। হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ ৰাজনৈতিক ভৰসা বদৰ উদ্দীন আজমল। চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱা ব্লক কংগ্ৰেছৰ উদ্যোগত আজি লাওখোৱা উন্নয়ন খণ্ডৰ সন্মুখত চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ প্ৰতিবাদ, দলীয় প্রতীক চিহ্ন, সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ, মূল্যবৃদ্ধি ৰোধ কৰা ইত্যাদি শ্লোগান আৰু প্লেকাৰ্ড হাতত লৈ অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশমৰ্মে সাব্যস্ত কৰে প্ৰতিবাদ। লগতে প্ৰেৰণ কৰে স্মাৰকপত্ৰ।
বিধায়ক ৰকিবুল হুছেইনক ৰিপুন বৰাই কৰা ৰাজ্যসভা নিৰ্বাচনত তিনিকোটি টকাত বিজেপিক ভোট দিয়া আৰু বিজেপিৰ বি টীম বুলি কৰা মন্তব্যত থতমত খাই গম নোপোৱা বুলি মন্তব্য কৰাৰ লগতে এজিপিয়ে ছয়টা চিট বিচৰা বুলি মন্তব্য কৰে।