লাইলাপুৰত আৰক্ষীক আক্ৰমণ কৰা সকলৰ বিষয়ে জনোৱা সকলক ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ

97

গুৱাহাটীঃ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত অসম আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰা লোকৰ বিষয়ে জনাব পাৰিলে ৫ লাখ টকা প্ৰদান কৰিব অসম চৰকাৰে। বৃহস্পতিবাৰে এই ঘোষণা কৰে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে।

এক সংবাদমেলত অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে কয়, ‘‘মিজো আৰক্ষীয়ে আক্ৰমণ কৰিছিল লাইলাপুৰত। আমি আৰক্ষীৰ লোকে কোনো আৰক্ষীৰ ওপৰত আক্ৰমণ নকৰো। মিজো আৰক্ষীয়ে বেয়া কাম কৰিছে। তেওঁলোকৰ লগত চিভিলিয়ানো আছিল। অসম আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত কৰি আছো।’’

মিজো আৰক্ষীয়ে শাস্তি পাবই লাগিব বুলিও মন্তব্য কৰে জি পি সিঙে। ইফালে সোমবাৰে লাইলাপুৰত অসমৰ লোকক যি অস্ত্ৰৰে আক্ৰমণ কৰা হৈছিল, সেয়া কেৱল আৰক্ষীৰ লগতহে থাকে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে।