লম্পট যুৱকৰ কামনাৰ বলি হৈ হোজাইৰ ভীমৰআলিত মাতৃৰ অবৈধ বোজা কঢ়িয়াবলগা হল এগৰাকী ১৩ বছৰীয়া নাবালিকাই

70

হোজাইৰ পৰা সমৰ দেৱনাথঃ লম্পট যুৱকৰ কামনাৰ বলি হৈ হোজাইৰ ভীমৰআলিত মাতৃৰ অবৈধ বোজা কঢ়িয়াবলগা হল এগৰাকী ১৩ বছৰীয়া নাবালিকাই। আজি কিশোৰীগৰাকীয়ে এটি সন্তান জন্ম দিয়ে যদিও জন্মৰ কিছু সময় পিছতে মৃত্যু ঘটে নৱজাতকটিৰ।

অভিযোগ অনুসৰি, দীৰ্ঘ দিনৰ পৰা একে গাঁৱৰে ইমৰান হুছেইন ওৰফে দাদুল নামৰ লম্পটজনে ফুচুলাই যৌন নিৰ্যাতন চলাই আহিছিল ১৩ বছৰীয়া নাবালিকাগৰাকীক। যাৰ পৰিণতিতি নাবালিকাগৰাকী অন্তঃসত্বা হয় আৰু আজি এটি সন্তানৰ জন্ম দিয়ে।

ইফালে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত বৰ্তমান হোজাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও পলাতক হৈ আছে লম্পট অভিযুক্ত ইমৰান হুছেইন। ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।