এগৰাকী মহিলা সমাজকর্মীক যৌন নিৰ্যাতনৰ অভিযোগ ৰেপিড’ চালকৰ বিৰুদ্ধে। অভিযোগ অনুসৰি চালকজনে বিভিন্ন মোবাইল নম্বৰ ব্যৱহাৰ কৰি মেছেজ কৰিছিল, বহুবাৰ ফোন কৰিছিল আৰু ৰাইডৰ সময়ত অশ্লীল কামতো লিপ্ত হৈছিল।
ছ’চিয়েল মিডিয়াত মহিলা সমাজ কৰ্মীগৰাকীয়ে প্ৰকাশ কৰা মতে মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ পিছত ঘৰলৈ উভতি যোৱাৰ বাবে ৰাইড বুকিং কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে একাধিক অটো বাতিলৰ ফলত পিছত তেওঁ ইয়াৰ পৰিৱৰ্তে বাইক ৰাইড লয়।
ৰেপিডোত পঞ্জীয়ন কৰা বাইকখনতকৈ বেলেগ বাইকত ড্ৰাইভাৰজন আহিছিল বুলিও কয় মহিলাগৰাকীয়ে। চালকজনে গাড়ীখনৰ চাৰ্ভিচিং চলি থকাৰ যুক্তি দিছিল। ৰাইডৰ সময়ত দুচকীয়া বাহনখনে দুৰ্গম অঞ্চলত উপস্থিত হয় বুলিও কয় তেওঁ।
ইয়াৰ পিছতে চালকজনে বাইক চলাই থকা সময়তে হস্তমৈথুনত লিপ্ত হয়। কৰ্মীগৰাকীয়ে বিশদভাৱে কয় যে নিজৰ সুৰক্ষাৰ বাবে আশংকা কৰি তেওঁ সেই মুহূৰ্ততে নিথৰ হৈ পৰিছিল।
ঘৰৰ স্থান লুকুৱাই ৰখাৰ উদ্দেশ্যেৰে মহিলাগৰাকীয়ে চালকজনক প্ৰকৃত গন্তব্যস্থানৰ পৰা ২০০ মিটাৰ দূৰত নমাই দিবলৈ কয়। তেওঁ কয় যে ৰাইড শেষ হোৱাৰ পিছতো চালকজনে তেওঁক ফোন আৰু মেছেজ কৰি অশান্তি দিয়ে।
