লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত অনুষ্ঠিত হ’ব ৬০০ যোৰা দম্পত্তীৰ সামুহিক বিবাহ

266

লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত অনুষ্ঠিত হ’ব একেলগে ৬০০ যোৰা দম্পত্তীৰ সামুহিক বিবাহ।

আয়তীৰ উৰুলি-পুৰুহিতৰ মন্ত্ৰধ্বনিৰে মুখৰিত হব লখিমপুৰৰ আকাশ বতাহ।

লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত ছশ জোৰা দম্পতীৰ সামুহিক বিবাহ উপলক্ষে অহা তিনি আগষ্টত সৃষ্টি হব এনে উখল মাখল পৰিবেশ।

লখিমপুৰৰ সামুহিক বিবাহ সংষ্কাৰ অনুষ্ঠানৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দা হান্স ফাউন্ডেচনৰ সহযোগত আয়োজন কৰা হৈছে এই সামুহিক বিবাহ অনুষ্ঠান।

আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত বিবাহ সংষ্কাৰ সমিতিয়ে এই অনুষ্ঠানৰ উপৰি জিলাখনত অহা ১৬ আগষ্টত হব লগীয়া আন দুটা সামুহিক বিবাহ সংষ্কাৰ অনুষ্ঠানৰ বিষয়েও সদৰি কৰে।

এই বিবাহ সংষ্কাৰ অনুষ্ঠানত দা হান্স ফাউন্ডেচনৰ প্ৰতিষ্ঠাপকৰ লগতে কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰে অংশগ্রহণ কৰিব।