উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী কাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ অৱশেষত আজি অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত হয়। তেওঁক শনিবাৰে পুৱা ১১ বজাৰ ভিতৰত আৰক্ষীৰ সন্মুখত হাজিৰ হ’বলৈ জনোৱা হৈছিল। আশীষ মিশ্ৰৰ অধিবক্তাই কয় যে তেওঁ আজি অনুসন্ধানকাৰীসকলৰ সন্মুখত আহিব আৰু ঘটনাটোৰ তদন্তত সহায় কৰিব। বিশেষ অনুসন্ধানকাৰী দলে ইতিমধ্যে আশীষ মিশ্ৰক সোধা-পোছা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
লখিমপুৰ খেৰী গোচৰত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰিছে। অৱশ্যে, তেওঁক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। উল্লেখ্য যে লখিমপুৰ খেৰীত কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰোধিতা কৰি পথৰ দাঁতিত প্ৰতিবাদ সাব্যস্ত কৰা কৃষকক মহতিয়াই নিছিল এখন বাহনে। যাৰ ফলত সংঘটিত ঘটনাত ৪ গৰাকী কৃষকসহ মুঠ ৮ জন লোকে প্ৰাণ হেৰুৱায়। প্ৰত্যক্ষদৰ্শী আৰু কৃষকৰ অভিযোগ অনুসৰি আশীষ মিশ্ৰ সেই বাহনখনৰ ভিতৰত আছিল। অৱশ্যে, মোদী চৰকাৰৰ গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰই দাবী কৰিছিল যে দুৰ্ঘটনাৰ দিনা তেওঁৰ পুত্ৰ গাড়ীত উপস্থিত নাছিল।
আশীষ মিশ্ৰক কালি গোচৰটোত মাতি পঠোৱা হৈছিল কিন্তু আৰক্ষীৰ সন্মুখত হাজিৰ হোৱা নাছিল। অজয় মিশ্ৰাই কৈছিল যে তেওঁৰ পুত্ৰ আজি অৰ্থাৎ শনিবাৰে আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব। লখিমপুৰ খেৰীত কৃষকসকলে দাখিল কৰা এজাহাৰত আশীষ মিশ্ৰৰ নাম আছে। এজাহাৰখনত অভিযোগ কৰা হৈছিল যে তেওঁ কৃষকসকলৰ শান্তিপূৰ্ণ পদযাত্ৰাত গাড়ী চলাইছিল। ঘটনাটোত ৪ জন কৃষকসহ আঠজন লোক নিহত হৈছিল। ঘটনাসন্দৰ্ভত এতিয়ালৈকে লেব কুশ আৰু আশীষ পাণ্ডে নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে প্ৰথমতে অনুমান কৰিছিল যে তেওঁলোক গাড়ীখনত আছিল।
ইফালে, লখিমপুৰৰ ঘটনাত তেওঁৰ পুত্ৰ দোষী সাব্যস্ত হ’লে অজয় মিশ্ৰাই মন্ত্ৰীপদ ত্যাগ কৰিব বুলি কয়। তেওঁ কয় “লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত ঘটনাস্থলীত মোৰ পুত্ৰৰ উপস্থিতিৰ প্ৰমাণ থাকিলে মই মন্ত্ৰালয়ৰ পৰা পদত্যাগ কৰিম। ‘
পুত্ৰৰ বিৰুদ্ধে থকা সকলো অভিযোগ খণ্ডন কৰি তেওঁ দাবী কৰে যে কৃষকৰ প্ৰতিবাদৰ ছদ্মবেশত কিছুমান লোকে তেওঁলোকৰ কনভয়ত আক্ৰমণ কৰিছিল। গাড়ীখনত জুই লগোৱা হৈছিল। অৱশ্যে, বিৰোধীয়ে এটা ভাইৰেল ভিডিঅ’ৰ বিষয়ে সোচ্চাৰ হৈছে। যত খোজকাঢ়ি গৈ থকা কৃষকক পিছফালৰ পৰা এখন বাহনে মহতিয়াই নিয়া স্পষ্ট দেখা পোৱা যায়।