উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক পৰিস্থিতিত প্ৰাণ হেৰুওৱা ৪ কৃষক আৰু এগৰাকী সাংবিদকৰ পৰিয়াললৈ ৫০ লাখ টকাকৈ প্ৰদানৰ ঘোষণা কৰিছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত চন্নিয়ে।
আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে লখিমপুৰত উপস্থিত হয় দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকী। লখিমপুৰ প্ৰশাসনে কংগ্ৰেছ নেতা কেইগৰাকীক লখিমপুৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰে যদিও তেওঁলোকক ব্যক্তগত বাহনেৰে গন্তব্যস্থানলৈ যোৱাৰ অনুমতি প্ৰদান কৰা নহয়। যাৰ বাবে বিমান বন্দৰৰ বাহিৰতে ধৰ্ণাত বহে ৰাহুল গান্ধী।
উল্লেখ্য যে, দেওবাৰে লখিমপুৰৰ খেৰীত সংঘটিত হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতিৰ। কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্রী অজয় মিশ্ৰ টেনিৰ কাৰ্যসূচীৰ বিৰোধিতা কৰি ৰাজপথৰ দাঁতিত প্ৰতিবাদৰ বাবে উপস্থিত হোৱা কৃষকক মহতিয়াই নিছিল মন্ত্ৰীৰ কনভয়ে। যাৰ ফলত কৃষকসহ ৮ জনৰ মৃত্যু ঘটে। আনহাতে কৃষকক হত্যা কৰা বাহনখনৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পুত্ৰ উপস্থিত আছিল বুলি দাবী কৰিছে কৃষকে।