লখিমপুৰ কাণ্ডক লৈ উত্তপ্ত যোগী ৰাজ্য: কেন্দ্ৰীয় মন্ত্ৰী আৰু পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

75

উত্তৰ প্ৰদেশ আৰক্ষীয়ে লখিমপুৰ হিংসাত্মক কাণ্ড সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ আৰু তেওঁৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। দেওবাৰে উত্তৰ প্ৰদেশৰ লখিমপুৰত সংঘটিত হিংসাত্মক কাণ্ডত ৮ জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে সোমবাৰে চিকিৎসাৰ সময়ত আন এজন সাংবাদিকৰো মৃত্যু হয়।

উল্লেখ্য যে, কৃষক নেতা ৰাকেশ টিকাইত আৰু কিষাণ মৰ্চাৰ কেইবাজনো নেতাই অজয় মিশ্ৰ আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে এজাহাৰৰ দাবী উত্থাপন কৰিছিল।
প্ৰণিধানযোগ্য যে, দেওবাৰে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত কৃষকসকলে কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰ আৰু উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ আগমনক লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে সংঘটিত হৈছিল হিংসাত্মক কাণ্ড।

কৃষকসকলে কৰা দাবী মতে, খেৰীত তেওঁলোকে প্ৰতিবাদ কৰি থকাৰ সময়তে মন্ত্ৰীৰ কনভয়ে কৃষকক খুন্দা মাৰে। তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে কৃষকসকলৰ ওপৰত দুখন এছইউভি গাড়ীত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি, এই ঘটনাত গাড়ীখনত থকা চাৰিজন লোকৰ মৃত্যু ঘটে। আনহাতে চাৰিজন কৃষকৰো মৃত্যু হোৱা বুলি দাবী কৰা হৈছে। কৃষকসকলে অন্য বাহনৰ ভিতৰত থকা লোককো মাৰপিট কৰাৰো অভিযোগ উত্থাপিত হৈছে।

অৱশ্যে, কৃষকসকলে কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ আশীষ কুমাৰৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে দাবী কৰা মতে, কৃষকক খুন্দা মৰা এখন বাহনৰ ভিতৰত আছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰ আশীষ কুমাৰ মিশ্ৰ। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীজনে এই অভিযোগ খাৰিজ কৰি কয় যে ঘটনা সংঘটিত হোৱাৰ সময়ত সেই স্থানত তেওঁৰ পুত্ৰ উপস্থিত নাছিল।

আনহাতে, দেওবাৰৰ ঘটনাৰ প্ৰভাৱত সোমবাৰে পুৱাৰ পৰা যোগী ৰাজ্যত পুনৰ বিশৃংখলতাৰ সৃষ্টি হৈছে। প্ৰিয়ংকা গান্ধী আজি পুৱা প্ৰায় ৬ বজাত সীতাপুৰ জিলাৰ হৰগাওঁত উপস্থিত হয়। কিন্তু তেওঁ খেৰীলৈ গৈ থকাৰ পথত হৰগাঁৱত আৰক্ষীয়ে কংগ্ৰেছ নেত্ৰীগৰাকীক আটক কৰে। যাৰ পিছত অইন কংগ্ৰেছ নেতা-কৰ্মীসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

ইফালে সোমবাৰে পুৱাৰ পৰা সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ ঘৰৰ সন্মুখত এটা বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। সমাজবাদী পাৰ্টিৰ বহু সংখ্যক সমৰ্থক আৰু কৰ্মীও অখিলেশ যাদৱৰ ঘৰৰ সন্মুখত উপস্থিত হৈছে। সমাজবাদী পাৰ্টিৰ সমৰ্থকসকলে এবাৰ আৰক্ষীৰ বেৰিকেড ভাঙি পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ খবৰো প্ৰকাশ পাইছে। অখিলেশ যাদৱেও তেওঁৰ ঘৰৰ বাহিৰত ধৰ্ণাত বহে যদিও পিছত আৰক্ষীয়ে আটক কৰে তেওঁকো।