লখিমপুৰৰ লালুকত বৃহৎ সংখ্যক গাঞ্জা উদ্ধাৰ

342

লখিমপুৰৰ লালুকত বৃহৎ সংখ্যক গাঞ্জা উদ্ধাৰ

পুনৰ বাৰ লালুক আৰক্ষীৰ আন এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষী বিষয়া নয়ন জ্যোতি ডেকাৰ লগতে উপ পৰিদৰ্শক নাচিৰ উদ্দীন খানে চলাই এই অভিযান।

গোপন সূত্ৰৰ পম খেদি লালুক বাছষ্টেণ্ডত চিকিমৰ পঞ্জীয়নকৃত SK 08 P 0727 চুইফট গাড়ীত তালাচী চলাই উদ্ধাৰ কৰে প্ৰায় ৩৮ কেজি গাঞ্জা সহ কেইবাটাও মোবাইল ফোন।

নাৰায়ণপুৰ কিনাপথাৰৰ ৰাজু দেউৰী আৰু বিহপুৰীয়া কাচিকটাৰ দীপক শ্ৰী বাস্তৱ নাম দুই গাঞ্জা মাফিয়া আটক ।

নাৰায়ণপুৰ বিহপুৰীয়াৰ পৰা লালুক অভিমুখে আহি থকা অৱস্থাত আটক দুই গঞ্জা মাফিয়া।

সম্প্ৰতি লালুক আৰক্ষীয়ে দুই গঞ্জা মাফিয়াক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।